Local, Vocal, Global

বছৰটোৰ দ্বিতীয়টো বানত ডুব গ’ল মঙলদৈ চহৰ

নিউজ ডেস্ক, ১৭ জুন : কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উপনৈ সমূহৰ বাঢ়নি পানীৰ ফলত দৰং জিলাৰ সদৰ মঙলদৈ চহৰ বানপানীৰ কৱলত পৰে । সামগ্ৰিক ভাৱে চহৰ খনৰ প্ৰায় ১০ টা ৱাৰ্ড ,বজাৰ এই বানপানীৰ কৱলত পৰিছে। চহৰ খনৰ বজাৰ পৰ্যন্ত পানীত ডুব যায়।

মঙলদৈ চহৰত বানপানীৰ সমান্তৰাল ভাৱে চহৰখনত থকা দোকান-পোহাৰ, বিভিন্ন অফিচ, শিক্ষানুষ্ঠান আদি ৰাতিটোৰ ভিতৰতে পানীত তল যায়। ৰাতিৰ ভিতৰতে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ পানীত ডুব যোৱাত বহু লোকৰ বিস্তৰ পৰিমাণৰ ক্ষয়-ক্ষতি হয়।

মঙলদৈ চহৰৰ লগতে চহৰৰ দাঁতি-কাষৰীয়া প্ৰায় সকলো ঠাই এই আপদিয়া বানৰ কৱলত পৰে। জিলাখনৰ বহু গাঁও ইতিমধ্যে বানৰ কৱলত পৰিছে। জিলা খনৰ দলগাও ৰাজহ চক্ৰৰ কেইখনমান গাঁৱৰ বাদে মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ প্ৰায় প্ৰতিখন গাঁৱেই এই বানপানীৰ কবলত পৰিছে ।

এনে অস্বাভিক বান পৰিস্থিতিত জিলা প্ৰশাসনে জনসাধাৰণক সহায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বহু পৰিয়ালত এতিয়াও বানৰ কৰাল গ্ৰাসত পৰি বিবুদ্ধিত পৰিছে। আনহাতে বানপানীৰ বাবে মঙলদৈ চহৰৰ লগতে জিলাখনত বিজুলী সংযোগ বিচ্ছিন্ন হৈ পৰাৰ বাবে জিলাখন আন্ধাৰত ডুব যোৱাৰ সম্ভাৱনাই দেখা দিছে।