Local, Vocal, Global

ভাৰত বাংলাদেশক সংযোগ কৰি নিৰ্মাণ হ’ল ‘মৈত্ৰী সেঁতু’ ।

ভাৰত আৰু বাংলাদেশৰ মাজত পথ যোগাযোগ উন্নীত কৰাৰ প্ৰয়াসেৰে ১.৯কিমি দৈৰ্ঘ্যৰ এখন দলং উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ভিডিঅ’ কনফাৰেন্স যোগে উদ্বোধন কৰা দলংখনৰ নাম দিয়া হয় ‘মৈত্ৰী সেঁতু’। ফেনি নদীৰ ওপৰত নিৰ্মান কৰা এই মৈত্ৰী সেঁতুয়ে ভাৰত সীমান্তৰ ত্ৰিপুৰা ৰাজ্য আৰু বাংলাদেশক সংযোগ কৰিছে । উল্লেখনীয় যে মৈত্ৰী সেঁতু নামটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত বৰ্ধিত দ্বিপাক্ষিকৰ লগতে বন্ধুত্বপূৰ্ণ সম্পৰ্কক প্ৰাধান্য দিব বুলি চৰকাৰৰ এক আনুষ্ঠানিক মুক্তিত উল্লেখ কৰিছে ।