Local, Vocal, Global

মন্দিৰত চুম্বনৰ দৃশ্য, #BoycottNetflix ট্ৰেণ্ডিং, চাওক ভিডিঅ’

টানিষ্কৰ বিজ্ঞাপনক লৈ বিতর্কৰ জোঁৱাৰ উঠাৰ পাছত এইবাৰ আৰম্ভ হৈছে জনপ্ৰিয় মনোৰঞ্জনমূলক OTT Netflixক লৈ বিতর্ক৷ ‘এ চুইটেবল বয়’ নামৰ ৱেব চিৰিজত এটা মন্দিৰৰ চৌহদৰ ভিতৰত চুম্বনৰ এক দৃশ্য গ্ৰহণ কৰাৰ লৈ বিতর্কৰ সূত্ৰপাত৷ প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক মীৰা নায়াৰে নির্মাণ কৰা ‘এ চুইটেবল বয়ে’ লাভ জেহাদক উদগনি জনোৱাৰ অভিযোগ উঠি আহিছে৷ তাৰ পাছতেই মন্দিৰৰ ভিতৰত চুম্বনৰ দৃশ্যক লৈ মধ্য প্ৰদেশৰ ৰেৱাত নেটফ্লিক্সৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গৌৰৱ তিৱাৰী নামৰ এজন বিজেপি নেতাই৷ তিৱাৰীয়ে বিতৰ্কিত দৃশ্যাংশ আৰু এজাহাৰৰ কপি টুইট কৰাৰ পাছতেই টুইটাৰত #BoycottNetflix ট্ৰেণ্ড আৰম্ভ হয়৷

চাওক ভিডিঅ’

সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰতবর্ষৰ কাহিনীৰে বিক্ৰম শেঠৰ একে নামৰ উপন্যাসৰ আধাৰত মীৰা নায়াৰে নির্মাণ কৰিছে এই ৱেব চিৰিজটো৷ বিতর্কিত দৃশ্যটোত দেখা গৈছে হিন্দু ধর্মাৱলম্বী নায়িকা লতাই ইছলাম ধর্মাৱলম্বী প্ৰেমিকৰ সৈতে মন্দিৰ চৌহদৰ ভিতৰত অন্তৰংগ হৈছিল৷ চুম্বনৰ দৃশ্যটো মছজিদৰ ভিতৰত কৰাৰ সাহস নাই কিয় বুলি প্ৰশ্ন তোলে বিজেপি নেতাজনে৷ তিৱাৰীৰ মতে বিশেষ দৃ্শ্যটো মহেশ্বৰৰ শিৱ মন্দিৰত চিত্ৰগ্ৰহণ কৰা হৈছিল৷ গৌৰৱ তিৱাৰীৰ অভিযোগৰ পাছতেই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে৷