Local, Vocal, Global

কংগ্ৰেছ এৰি শিৱসেনাত যোগ দিলে উৰ্মিলাই

জল্পনা-কল্পনাৰ ওৰ পেলাই দল বাগৰিলে বলীউডৰ ৰংগীলা গাৰ্লখ্যাত উৰ্মিলা মাতণ্ডকাৰে। মঙলবাৰে শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেৰ উপস্থিতিত শিৱসেনাত যোগ দিয়ে উৰ্মিলাই। ৪৬ বৰ্ষীয় বলীউড তাৰকা উৰ্মিলাক শিৱসেনালৈ আদৰণি জনায় উদ্ধৱ থাকৰেৰ পত্নী ৰশ্মি থাকৰেই। থাকৰেৰ বাসগৃহ মাতশ্ৰীত আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানত শিৱসেনাত যোগদান উৰ্মিলাৰ। ২০১৯ৰ লোকসভা নিৰ্বাচনত উত্তৰ মুম্বাই লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি বিজেপি প্ৰাৰ্থীৰ হাতত পৰাভূত হৈছিল বলীউডৰ অভিনেত্ৰীগৰাকী। সেইবছৰৰে ছেপ্টেম্বৰত কংগ্ৰেছৰ ভিতৰত লবী-ৰাজনীতি আৰু যথোচিত গুৰুত্ব নোপোৱাৰ অভিযোগ তুলি কংগ্ৰেছ ত্যাগ কৰে উৰ্মিলাই। শেহতীয়াকৈ শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাৰী মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যপালৰ কোটাৰ অধীনত উৰ্মিলাৰ নাম বিধান পৰিষদৰ বাবে মনোনীত কৰিছিল। অৱশ্যে সেই মনোনয়নত এতিয়াও মঞ্জুৰী দিয়া নাই ৰাজ্যপালে।