Local, Vocal, Global

ধিক মানৱতা! ৰাজ্যত পুনৰ ভূলুণ্ঠিত মানৱতা

ৰাজ্যত পুনৰ ভূলুণ্ঠিত হ’ল মানৱতা। ৰাজ্যত পুনৰ উদ্ধাৰ পৰিতক্ত অৱস্থাত নৱজাতক। চামগুৰি কাৱৈমাৰীত চিকিৎসালয়ৰ পৰা প্ৰায় ৩০০ মিটাৰ দুৰত্বত উদ্ধাৰ নৱজাতকটিক। কোনো পাষাণ হৃদয়ৰ পিতৃ-মাতৃয়ে এটা মোনাত ভৰাই পেলাই থৈ যায় নৱজাতকটি। স্থানীয়লোকে মোনাত ভৰাই থোৱা অৱস্থাত প্ৰত্যক্ষ নৱজাতকটিক। স্থানীয় লোকে ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক।

ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ নৱজাতকটিক উদ্ধাৰ কৰে।