Local, Vocal, Global

সুখবৰ : ১৮৮ দিনৰ মূৰত দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল তাজমহল

অপেক্ষাৰ অৱসান ঘটিল৷ ১৮৮ দিনৰ অন্তত অৱশেষত মুকলি হ’ল তাজমহল৷ সোমবাৰে বিশ্বৰ আশ্চৰ্যকৰ সম্পদৰাজি তাজমহলক ছমাহৰ অন্তত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়৷ কৰ’নাৰ ভয়াৱহতাৰ বাবে ১৭ মাৰ্চৰ পৰা বন্ধ আছিল তাজমহলৰ লগতে লালকিল্লাৰ প্ৰৱেশদ্বাৰ৷

সোমবাৰে সূৰ্যোদয়ৰ সময়তে দুয়োটা পৰ্যটনথলীৰ প্ৰৱেশদ্বাৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়ে৷ ঐতিহ্যমণ্ডিত ৩৭২ বছৰীয়া তাজমহলৰ প্ৰৱেশদ্বাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ছমাহৰ বাবে বন্ধ হৈ আছিল৷ ভাৰতীয় পুৰাতত্ব বিভাগৰ নিৰ্দেশমৰ্মে তাজমহলত এদিনত ৫ হাজাৰ পৰ্যটকে প্ৰৱেশ কৰিব পাৰিব৷ দৰ্শনাৰ্থীৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে অনলাইন টিকটৰ ব্যৱস্থা কৰিছে৷ লগতে কৰ্মচাৰীসকলে মাস্ক, ফেচশ্বীল্ড পৰিধান কৰি চেনিটাইজেচনৰ ব্যৱস্থা কৰিছে৷ লগতে পালন কৰিছে কৰ’নাৰ ক’ভিড প্ৰট’কল৷