Local, Vocal, Global

লকডাউনত আৰ্থিক সংকটৰ বাবেই অৱলম্বন জীৱনৰ চৰম পন্থা

সমগ্ৰ দেশত ঘোষণা হৈছিল দীৰ্ঘদিনীয়া লকডাউন। স্তব্ধ হৈছিল স্বাভাৱিক জীৱন-যাপন। দীৰ্ঘদিনীয়া লকডাউনৰ বাবে বঙাইগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হ’ল মৰ্মান্তিক ঘটনা। লকডাউনৰ সময়ত আৰ্থিক সংকটত ভুগি এজন ব্যৱসায়ীয়ে অৱলম্বন কৰিলে জীৱনৰ চৰম পন্থা। চহৰখনৰ উদয় নগৰৰ উত্তম দে নামৰ ব্যৱসায়ীজনৰ জীৱন লকডাউনে বিপৰ্য কৰি তুলে। তিনি সন্তান আৰু পত্নীকে ধৰি নিজ পৰিয়াল পোহপাল দিয়াত ব্যৰ্থ হয় উত্তম দে। উপায়বিহীন ব্যৱসায়ীজনে নিজৰ ১৬ দিনীয়া সন্তানক অৰ্পণ কৰে আনৰ হাতত।

ব্যৰ্থতাই জীৱনৰ পিছে-পিছে খেদি ফুৰাত মানসিকভাৱে ভাগি পৰে ব্যৱসায়ী উত্তম দে। অৱশেষত দেওবাৰে পুৱতি নিশা নিজা ভাড়াঘৰত চিপ লৈ আত্মহত্যা কৰে ব্যৱসায়ীজনে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বঙাইগাঁৱত।