Local, Vocal, Global

১ লিটাৰ গাখীৰৰ দাম ৭ হাজাৰ টকা, কিন্তু কিহৰ গাখীৰ ?

আপুনি চাগে গাখীৰ পায় ভাল পায়, হয়টো আপুনি আপোনাৰ সন্তানকো গাখীৰ খাবলৈ দিয়ে। আজি আপোনাক যি গাখীৰৰ কথা কবলৈ ওলাইছো সেয়া শুনি আপোনাৰ চকু কপালত উঠিব। আমি সকলোয়ে জ্ঞাত যে গাখীৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় খাদ্য। গাখীৰ খালে স্বাস্থ্য ভালে থকাৰ লগতে শৰীৰো শক্তিশালী হয়।

আপুনি ১ লিটাৰ গাখীৰৰ দাম কেতিয়াবা সৰ্বাধিক ১০০-২০০ টকা পৰ্যন্ত শুনিছে। কিন্তু আজি আপোনাক কবলৈ ওলাইছো ৭০০০ টকীয়া গাখীৰৰ লিটাৰৰ কথা। কিন্তু এয়া গৰু বা ছাগলীৰ গাখীৰ নহয়, এয়া গাধৰ গাখীৰৰ দাম। হাৰিয়ানাৰ হিচাৰত দ্ৰুতগতিত চলিছে গাধৰ দুগ্ধপাম নিৰ্মাণৰ প্ৰস্তুতি। ভাৰতত প্ৰথমবাৰৰ বাবে বিক্ৰী হ’ব এই দুগ্ধপামৰ গাখীৰ। বহুতো বিশেষজ্ঞৰ মতে গৰুৰ গাখীৰতকৈ গাধৰ গাখীৰ স্বাস্থ্যৰ কাৰণে বহুগুণেই উপযোগী। উল্লেখ্যযোগ্য যে, গাধৰ গাখীৰৰ পৰা বহুতো যথেষ্ট মূল্য থকাৰ প্ৰসাধনৰ সামগ্ৰী তৈয়াৰ কৰা হয়।