Local, Vocal, Global

চোৰৰ বাবে সলনি হ’ল বিবাহৰ দিন

বিয়াৰ দিন সলনি কৰা এদল চোৰ।

লকডাউনৰ বাবে বিবাহৰ মূহুৰ্ত সলনি কৰিছে একাংশ লোকে, কিন্তু গোলাঘাটত লকডাউনৰ মাজতেই চোৰৰ বাবে সলনি কৰিব লগা হ’ল বিবাহৰ দিন। মুৰ্গী, মাছ , দোকানৰ ফাৰ্নিচাৰ, ফেন আদি একো সাৰি নাযায় চোৰৰ পৰাই। শনিবাৰে নিশা লকডাউনৰ মাজতে গোলাঘাটত চহৰৰ বজাৰৰ পৰা মুৰ্গী চোৰ কৰোতে তহলদাৰী আৰক্ষীৰ হাতত ধৰা পৰিল তিনিওটা চোৰ ।

আৰক্ষীয়ে চোৰ কেইটাৰ ঘৰৰ পৰা ফাৰ্নিচাৰ, ফ্ৰীজ, কুকুৰা, মাছ , ফেন আদি বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে। মন কৰিবলগীয়া কথা যে বেঙেনাখোৱাৰ এখন ফাৰ্নিচাৰ দোকানত এজন গ্ৰাহকে নিজৰ ছোৱালীৰ বিবাহৰ বাবে অৰ্ডাৰ দি থোৱা সমুদায় ফাৰ্নিচাৰ এইকেইটা চোৰে চুৰি কৰি নিয়াত বিবাহৰ দিন পিছুৱাই দিবলগীয়া হয়। আনৰ বিবাহৰ দিন সলনি কৰা এইকেজন চোৰে এতিয়া জেলত হিচাপ কৰিব নিজৰ মুক্তিৰ দিন। ধৃত চোৰ কেইটাৰ নাম ক্ৰমে তপন নগৰৰ ধনীৰাম কৰ্মকাৰ, পাৰ্থ কলিতা আৰু কছাৰীহাটৰ দুল আলী।