পুনৰ ছাজিদ খানৰ বিৰুদ্ধে উঠিছে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ
সততে বলীউডৰ একাংশ কলা-কুশলীৰ বিৰুদ্ধে থকা যৌন নিৰ্যাতনৰ কথা শুনিবলৈ পোৱা যায়। যৌন নির্যাতকৰ শাৰীত থকা একাংশৰ ভিতৰত অন্যতম এটি নাম হ’ল ছাজিদ খান। এইগৰাকী বলীউডৰ জনপ্রিয় ছবি পৰিচালক ছাজিদ খানৰ ওপৰত এইবাৰ যৌন নির্যাতনৰ অভিযোগ তুলিছে প্ৰয়াত অভিনেত্রী জিঞা খানৰ ভগ্নী কৰিশ্মা খানে। কৰিশ্মাই জনোৱা মতে ছাজিদ খানে যৌন উৎপীড়ন চলাইছিল জেষ্ঠ ভগ্নী জিঞা খানক। আখৰাৰ সময়ত জিঞাই স্ক্ৰিপ্ট পঢ়ি থকা সময়ত ছাজিদ খানে চলাইছিল উৎপীড়ন । ছাজিদ খানে কেৱল জিঞা খানকে নহয় জিঞাৰ ভগ্নী কৰিশ্মাকো লক্ষ্য কৰি লৈছিল বুলি জানিবলৈ দিয়ে কৰিশ্মাই। ১৬ বছৰ বয়সত ভগ্নী জিঞাৰ সৈতে ছাজিদৰ ঘৰলৈ যোৱাৰ সময়ত কৰিশ্মাক লৈ ছাজিদে অশালীন মন্তব্য কৰাৰ কথা ব্যক্ত কৰিছে কৰিশ্মাই। বিবিচিৰ এটা টেলিভিছন প্ৰগেমত এই সকলো কথা জনাইছে কৰিশ্মাই । উল্লেখযোগ্য যে কৰিশ্মাৰ পূর্বেও ছাজিদ খানৰ ওপৰত বহু কেইগৰাকী অভিনেত্রীয়ে যৌন নির্যাতনৰ অভিযোগ তুলিছিল।