Local, Vocal, Global

আমেৰিকাৰ ৪৬সংখ্যক ৰাষ্ট্ৰপতি হিচাপে জ’ বাইডেনৰ শপতগ্ৰহণ

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ মার্কিন যুক্তৰাষ্ট্ৰৰ ৪৬সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে জ’ বাইডেনে। জ’ বাইডেনৰ লগতে মার্কিন যুক্তৰাষ্ট্ৰৰ ৪৯সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলে কমলা হেৰিছে । বুধবাৰে আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিৰ ইউ এছ কেপিটেলত শপতগ্ৰহণ ল’লে জ’ বাইডেন আৰু কমলা হেৰিছে । কিন্তু শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ নকৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফার্ষ্ট লেডী মেলেনীয়া ট্ৰাম্পে। ১৮৬৯ চনৰ পিছত প্ৰথমবাৰলৈ আমৰিকাৰ ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ নকৰা প্ৰথম প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে হৈছে ড’নাল্ড ট্ৰাম্প।

আনহাতে কমলা হেৰিছে এক নতুন যুগৰ সূচনা কৰিছে, কাৰণ হেৰিছেই হৈছে  এছিয়ান আমেৰিকান মূলৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি।  কমলা হেৰিছে জন্মগ্ৰহণ কৰিছিল কেলিফর্নিয়াৰ অকলেণ্ডত। কমলা হেৰিছৰ পিতৃ আছিল আফ্ৰিকা মূলৰ আৰু মাতৃ আছিল ভাৰতীয় মূলৰ।