Website Design: dastechnologies.in
বকোত ক’ভিড-১৯ পজিটিভ লোকক চিকিৎসাৰ বাবে আনিবলৈ গৈ এম্বুলেঞ্চৰ চালক পৰিল বিমোৰত
বকো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত বৃহস্পতিবাৰে পুনৰ দুজনৰ দেহত ধৰা পৰে ক’ভিড-১৯ পজিটিভ। এজন বকোৰ মৌচোৱা গাৱঁৰ ২১ বছৰীয়া কৰিম ৰাভা আৰু আনজন হৈছে ছয়গাঁও সমষ্টিৰ বাহজানী গাৱঁৰ ৪৭ বছৰ বয়সীয়া গিৰীন্দ্ৰ কলিতা। এই বিষয়ত অৱগত হোৱাৰ পাছতেই স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে দুয়োকে পলাশবাৰীস্থিত পতঞ্জলী ক’ভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ তৎপৰতা আৰম্ভ কৰে। এই মৰ্মে, স্বাস্থ্য বিভাগে বকোৰ মৌচোৱা গাৱঁলৈ ১০৮ এম্বুলেঞ্চ প্ৰেৰণ কৰে। কিন্তু বকোৰ পৰা মৌচোৱা গাৱঁলৈ প্ৰায় ১৮ কিলোমিটাৰ পথত কৰিম ৰাভক আনিবলৈ গৈ এম্বুলেঞ্চৰ চালক পৰিল শলঠেকত। কিয়নো এই পথৰ কদৰ্য ৰূপ দেখি এম্বুলেঞ্চৰ চালক পৰিল বিপাঙত। পুখুৰী সদৃশ গাত পাৰ কৰি প্ৰায় ডেৰ ঘন্টাৰ মূৰত এম্বুলেঞ্চ গৈ কৰিমৰ ঘৰ পালেগৈ।
এতিয়া প্ৰশ্ন হয়, সবকা সাথ, সবকা বিকাশৰ শ্লোগান গায় ফুৰা চৰকাৰে এই পথটোৰ মেৰামতি কৰি ৰাইজক সকাহ দিব নে কেৱল বিকাশৰ শ্লোগান জপ কৰি ফুৰিব।

কৰিম ৰাভা যোৱা ২১ জুনত তেওঁৰ গৰ্ভৱতী পত্নীৰ সৈতে চেন্নাইৰ পৰা গুৱাহাটী আহি উপস্থিত হৈছিলহি আৰু আমিনগাঁওত তেওঁলোকৰ SWAB নমুনা সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে তেওঁলোকক হোম কোৱাৰেন্টিনত থকাৰ নিৰ্দেশ দিছিল। আজি কৰিম ৰাভাৰ ফলাফল পজিটিভ অহাৰ পাছতেই তেওঁক আৰু বাহজানী গাৱঁৰ গিৰীন্দ্ৰ কলিতাক পতঞ্জলী ক’ভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, কোনো ধৰণৰ ট্ৰেভেল হিষ্ট’ৰি নথকা কলিতাৰ গুৱাহাটী চান্দমাৰিত SWAB নমুনা সংগ্ৰহ কৰিছিল। পেচাত এজন কাপোৰ ব্যৱসায়ী আৰু তেখেতে ছয়গাঁৱৰ ছাটাবাৰীত এখন কাপোৰ দোকান দিন পৰিয়াল চলাইছিল ।