Local, Vocal, Global

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ শেহতীয়া তথ্য প্ৰকাশ

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিত ৩৩ জন লোকে প্ৰাণ হেৰুৱাইছে। ভূমিস্খলনত মৃত্যু হৈছে ২৪ গৰাকী লোকৰ । ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য মতে অসমত বৰ্তমানলৈকে ৰাজ্যৰ ২৩ খন জিলাৰ ১৪.৯৫ লাখতকৈ অধিক লোক বানৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ গুৱাহাটী, যোৰহাটৰ নিমাতি ঘাট, শোণিতপুৰ, গোৱালপাৰা আৰু ধুবুৰীত এতিয়াও বিপদ সীমাৰ ওপৰেদি বৈ আছে। বৰপেটাত সৰ্বাধিক ৫.৯৫ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি দক্ষিণ শালমৰাত ১.৯৫ লাখ আৰু গোৱালপাৰাত ৯৪ হাজাৰ লোক বানৰ কৱলত পৰিছে । দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা মতে অসমত প্ৰায় ২,১৯৭ খন গাঁও জলমগ্ন হৈছে আৰু ৮৭,০১৮.১৭ হেক্টৰ খেতিভুমি বানত ধ্বংস হৈছে ।