Local, Vocal, Global

চিনেমাৰ আৰ্হিৰে বকোত চুৰি ATM

বকো থানাৰ অন্তৰ্গত ছয়গাঁৱৰ উদ্যোগিক বিকাশ কেন্দ্ৰত অঘটন। বিকাশ কেন্দ্ৰটোৰ ভিতৰত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটা এটিএম চুৰি। নিশা প্ৰায় ১২.৪৫ বজাত চোৰৰ এটা দল দুখন গাড়ীৰে আহি বিকাশ কেন্দ্ৰটোৰ দুজন সুৰক্ষাকৰ্মীক পিষ্টল দেখুৱাই এটিএমটোৰ কাষতে সুৰক্ষাকৰ্মীক ছিকিউৰিটী ৰুমত বান্ধি থৈ আৱদ্ধ কৰি ৰাখি এটিএমটো ভাঙি ঘটনাস্থলীৰ পৰা উধাও হয়। ইফালে ঘটনাৰ কথা গম পাই ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, ঘটনাস্থলীৰ পৰা এক কিলোমিটাৰ নিলগত জামবাৰী পহৰা চকীও অৱস্থিত। ইয়াৰ পিছতো উদ্যোগিক বিকাশ কেন্দ্ৰতটোত প্ৰায়ে বিভিন্ন ধৰণৰ চুৰি কাৰ্য সম্পন্ন হৈ থাকে। স্থানীয় ৰাইজে অঞ্চলতো অধিক সুৰক্ষিত কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।