Local, Vocal, Global

বোকাজানত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন

কাৰ্বি আংলং জিলাৰ বোকাজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা। দাৰোগা বাগানৰ সমীপত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিচুকীয়াৰ পৰা কহিমালৈ গৈ থকা অৱস্থাতে সংঘটিত এই পথ দুৰ্ঘটনা। এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ বিপৰীত দিশৰ পৰা আন এখন ট্ৰাকে।

দুৰ্ঘটনাত মৃত্যু চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনৰ চালক দ্বীপজ্যোতি শইকীয়া। নিহত গাড়ী চালকজনৰ ঘৰ তিনিচুকীয়াৰ মাকুমত। প্ৰথম অৱস্থাত চালক দ্বীপজ্যোতি শইকীয়াক বোকাজানৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনাগ্ৰস্থ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনৰ নম্বৰ AS-23CC 1887।