Local, Vocal, Global

দুখবৰ! ভাৰতত নাটনি হ’ব নিমখ

বেয়া খবৰ! কৰ’না ভয়াৱহতাৰ মাজেতেই প্ৰতিগৰাকী ভাৰতীয়লৈ এক দুঃখবৰ৷ মানৱ জীৱনত খাদ্যভাষত অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী হ’ল নিমখ৷ নিমখ অবিহনে আমি খাদ্য প্ৰস্তুত কৰিব নোৱাৰি৷ নিমখ অবিহনে খাদ্য প্ৰস্তুত কৰিলেও সেয়া সুস্বাদু নহয়৷ কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা এক খবৰে প্ৰতিগৰাকী ভাৰতীয়লৈ কঢ়িয়াই আনিছে দুখৰ বার্তা৷

ভাৰতত নাটনি হ’ব অত্যাৱশ্যকীয় সামগ্ৰীৰ অন্যতম নিমখ৷ বিশ্বৰ ভিতৰতে নিমখ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ আছে এক সুকীয়া স্থান৷ আনহাতে ভাৰতত উৎপাদিত নিমখৰ ৭৫ শতাংশই উৎপাদন হয় গুজৰাটত৷ কিন্তু কৰ’নাৰ কালীন লকডাউন, অতিপাত বৃষ্টিপাতৰ বাবে গুজৰাটত হ্ৰাস পাইছে নিমখৰ উৎপাদন৷ আনহাতে বন্ধ হৈ আছে বহুতো নিমখ উৎপাদন কৰা কাৰখানা৷ সেয়ে পর্যবেক্ষক মহলে ভাৰতৰ বজাৰত নিমখৰ নাটনি হোৱাৰ আশংখা কৰিছে৷

উল্লেখ্য যে ২০১৮-১৯ বর্ষত ভাৰতত উৎপাদন হৈছিল ৩০০ লাখ টন নিমখৰ৷ আৰু ইয়াৰে ২৬০ লাখ টন নিমখে উৎপাদন হৈছিল গুজৰাটত৷ লক্ষ্যণীয়ভাৱে বিগত বর্ষত হোৱা অতিপাত বৰষুণ আৰু চলিত বর্ষৰ মার্চ মাহৰ পৰা হোৱা লকডাউনৰ বাবে ৩৫ শতাংশ হ্ৰাস পাইছে৷সেয়ে আশা কৰা হৈছে আগন্তুক বর্ষত ভাৰতৰ বজাৰত নাটনি হ’ব নিমখৰ৷