Local, Vocal, Global

বজালীত কালদিয়া নৈৰ বানৰ তাণ্ডৱ

বজালীত বানৰ তাণ্ডৱ। কালদিয়া নৈৰ মথাউৰি ভঙাৰ ফলত বৰগান্ডুবী গাঁৱৰ কেইবাশ পৰিয়ালত হাহাকাৰময় পৰিৱেশ। প্ৰায় দুশ পৰিয়ালৰ গৃহ পানীৰ তলত। হাজাৰ হাজাৰ বিঘা খেতিপথাৰ পানীৰ তলত। পশুধনক লৈ বিপাঙত ৰাইজ। কাচকুৰি, বনগাঁও, পানৰা, কোচডিগা, ৰূপডিগা আদিকে ধৰি কেবাটাও অঞ্চল পানীৰ তলত।

কালদিয়া নৈৰ বাঢ়নি পানীয়ে মথাউৰি উটুৱাই নিয়াত বজালীৰ দক্ষিণ অঞ্চলৰ কেইবাখনো গাঁৱত সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশ। মথাউৰিৰ প্ৰায় ৬০ মিটাৰ দৈৰ্ঘ্য ছিঙি যোৱাৰ ফলত টিহু দেখাটা পঞ্চায়তৰ বিভিন্ন গাঁৱত ৰাইজে আহুকাল ভোগ কৰিছে। বিশেষকৈ বৰগান্ডুবী গাঁৱত এতিয়া অবৰ্ণনীয় পৰিৱেশ। প্ৰায়ভাগ পৰিয়ালৰ ঘৰতে একাঁঠুপৰ্যন্ত পানী। কঁঠীয়া সিঁচাৰ ভৰপক  সময়ত হাজাৰ হাজাৰ বিঘা পথাৰ পানীৰ তলত। পশুধনৰো বিলাই-বিপত্তি নোহোৱা অৱস্থা। লক্ষণীয়ভাৱে প্ৰশাসনৰ লোক ৰাইজৰ খবৰ লবলৈ নহাৰ অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে৷