Local, Vocal, Global

ক’ভিডত আক্ৰান্ত হৈ GMCHত আজি পুৱা প্ৰায় ৫.৩০ বজাত মৃত্যু ঘটে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ

ক’ভিডত আক্ৰান্ত হৈ GMCHত আজি পুৱা প্ৰায় ৫.৩০ বজাত মৃত্যু ঘটে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছিল বিধায়কগৰাকী৷মঙলবাৰে বিধায়ক গৰাকীৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থা আছিল সংকটজনক ৷ যাৰ বাবে ভেন্টিলেচনত চিকিৎসা আগবঢ়াই থকা হৈছিল নাৰ্জাৰীক ৷বিধায়ক গৰাকী একেৰাহে চাৰিবাৰ জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰিছিল ৷ তেওঁৰ মৃত্যুত গোসাঁইগাঁৱত শোকৰ ছাঁ পৰিছে।গোঁসাইগাঁও সমষ্টিৰ বিধায়ক নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে ৷ অসমবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনীতিবিদক হেৰুৱালে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷