Local, Vocal, Global

লাডাখৰ শ্বহীদলৈ সন্মান, বাতিল বিজেপিৰ সকলো ৰাজনৈতিক কাৰ্যসূচী

কৰ’নাৰ ত্ৰাসৰ মাজতে সমাগত অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন। গতিকে অসমত কৰ’নাৰ বিৰুদ্ধে বিৰামহীন যুদ্ধৰ সমান্তৰালভাৱে চলিছে ৰাজনৈতিক কুচ কাবাজ। সকলোতকৈ আগত শাসক বিজেপি। ইতিমধ্যেই বিজেপি য়ে আৰম্ভ কৰিছে ৰাজ্যজুৰি জনসম্পৰ্ক অভিযান। তাৰ মাজতে আজি আছিল বিজেপিৰ কেন্দ্ৰীয় সভাপতি জগত প্ৰসাদ নাদ্দাৰ অসম জন সম্বোধন শীৰ্ষক ভাৰ্চুৱেল ৰেলি। কেন্দ্ৰত বৰ্তমানৰ বিজেপি চৰকাৰ খনৰ দ্বিতীয় বৰ্ষপূৰ্তি আৰু অসমৰ সোণোৱাল চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ভিডিঅ কনফাৰেন্সৰ জৰিয়তে অসম বিজেপিৰ নেতৃত্বক দিল্লীৰ পৰাই সম্বোধন কৰাৰ কথা আছিল নাদ্দাই। অসম বিজেপিৰ নেতৃত্ব সমবেত হোৱাৰ কথা আছিল পাঞ্জাবাৰীৰ শংকৰদেৱ কোলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত। সাজু কৰি তোলা হৈছিল প্ৰেক্ষাগৃহ। মানুহ আহিবলৈও আৰম্ভ কৰিছিল। কিন্তু শেষ মুহূৰ্তত ঘোষণা কৰা হ’ল এই ভাৰ্চুৱেল ৰেলি স্থগিত ৰখাৰ কথা। লাডাখৰ শেহতীয়া পৰিস্থিতি আৰু শ্বহীদ জোৱান সকলৰ প্ৰতি সন্মান জনায়েই লোৱা হৈছে এই সিদ্ধান্ত। একেটা কাৰণতে কেৱল ‘অসম জন সম্বোধন’ এই নহয়, শাসক বিজেপিৰ সকলো ৰাজনৈতিক কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত সদৰী কৰিছে দলৰ কেন্দ্ৰীয় নেতৃত্বই