Local, Vocal, Global

চীনা সামগ্ৰী বৰ্জন, সলনি হ’ব শিলিগুৰীৰ হংকং মাৰ্কেটৰ নাম

সলনি হ’ব শিলিগুৰীৰ প্ৰখ্যাত হংকং মাৰ্কেটৰ নাম।
লাডাখ সীমান্তত ভাৰতীয় সেনাৰ ওপৰত চীনৰ আক্ৰমণৰ বিৰূদ্ধে ভাৰতত উঠা চীনা সামগ্ৰী বৰ্জনৰ জোৱাৰৰ মাজতে এই সিদ্ধান্ত লৈছে হংকং মাৰ্কেট কমিটিয়ে। উল্লেখযোগ্য যে ইলেক্ট্ৰনিকছৰ পৰা কচমেটিকছলৈ সকলো ধৰনৰ চীনা সামগ্ৰীৰ নিৰ্ভৰযোগ্য বজাৰ ৰূপে দেশজুৰি এক সুকীয়া পৰিচয় আছে শিলিগুৰীৰ এই হংকং মাৰ্কেটৰ।
হংকং মাৰ্কেটত সুলভ মূল্যত ক্ৰয় কৰি অনা চীনা সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি আহিছে ব্যৱসায়ীসকলে।কিন্তু লাডাখৰ সংঘৰ্ষৰ পাছতে সমগ্ৰ দেশৰ লগতে উত্তৰ বংগতো সূচনা হোৱা চীনা সামগ্ৰী বৰ্জনৰ জোৱাৰত চামিল হৈ অচিৰেই হংকং মাৰ্কেটৰ সৰ্বপৰিচিত নামটো সলনি কৰাৰ লগতে বজাৰখনত কোনো ধৰনৰ চীনা সামগ্ৰী বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছে ব্যৱসায়ীসকলে।
উল্লেখযোগ্য যে লাডাখৰ শেহতীয়া সংঘৰ্ষত চীনা সৈন্যৰ হাতত প্ৰাণ হেৰুওৱা ২০ ভাৰতীয় বীৰ ছহিদৰ মাজত পশ্চিম বংগৰ বীৰভুমৰ ৰাজেশ ওৰাং আৰু আলিপুৰদুৱাৰৰ বিপুল ৰয় নামৰ জোৱান দুজনেও প্ৰাণ আহুতি দিছিল।