Local, Vocal, Global

11 days infant killed by father : ১১ দিনীয়া সন্তানক বিক্ৰী কৰিব নোৱাৰি নৃশংসভাৱে হত্যা পিতৃৰ !

বজালী, ১৯ আগষ্ট : ক্ৰমশঃ যেন হেৰাই গৈছে মানৱীয় চিন্তা চেতনা। যাৰ পৰিণতিত সংঘটি হ’বলৈ ধৰিছে জঘণ্য ঘটনাৰ। প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পিতৃ মাতৃৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । পিতৃ-মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে(11 days infant killed by father) । প্ৰতিগৰাকী সন্তানে নিজৰ পিতৃৰ বুকুত নিজকে নিৰাপত্তা অনুভৱ কৰে কিন্তু সেই পিতৃৰ বুকুত যেতিয়াই দানৱীয় সত্বাই থিতাপি লয় । পিতৃয়ে যেতিয়াই হত্য়াকাৰী হয় কোনে সন্তানক নিৰাপত্তা দিব । সন্তানক হত্য়া কৰি যেতিয়াই হাত নকঁপে পিতৃৰ(Father killed his Daughter in Bojali) ।

এক অমানৱীয় ঘটনা সংঘটিত হৈছে বজালীত । বজালীৰ ডুবি মালিপাৰাত সংঘটিত হৈছে এই অমানৱীয় ঘটনাটো। পাষাণ পিতৃয়ে নিজ কন্যা সন্তানক বিক্ৰী কৰিব নোৱাৰি হত্যা কৰি পুতি থোৱাৰ অভিযোগ উঠিছে ।

উল্লেখ্য় যে, বজালীত ডুবি মালিপাৰাত ১১ দিনীয়া নিজ দেৱশিশুক ৪ লাখ টকাত বিক্ৰী কৰাৰ যো-জা কৰিছিল পিতৃয়ে । কিন্তু এই কথা পৰিয়ালৰলোকে গম পোৱাত বিক্ৰী কৰিবলৈ ব্যৰ্থ হয় পাষাণ পিতৃয়ে । আৰু ৪ লাখ টকা নোপোৱাৰ খঙত অগ্নিশৰ্মা হৈ সদ্যোজাত দেৱশিশুটিক গাঁত খান্দি পুতি থয় পিতৃয়ে । জানিব পৰা মতে পাষাণ পিতৃৰ নাম নিৰঞ্জন মালাকাৰ ।

বজালীত সংঘটিত হোৱা এই পাশৱিক ঘটনাই এতিয়াই চিন্তিত কৰি তুলিছে সচেতন মহলক। নিজ ১১ দিনীয়া কন্যা শিশুটিক বিক্ৰী কৰিব নোৱাৰাৰ বাবেই হত্য়া কৰাৰ ঘটনাই এতিয়াই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । এগৰাকী পিতৃৰ হাতত ১১ দিনীয়া কন্যা শিশুৰ মৃত্যু হোৱা ঘটনাই এতিয়া সমাজৰ কিছুমান লোকৰৰ নিকৃষ্ট চিন্তাধাৰাক যেন সকলোৰে সন্মুখত উদঙাই দিছে(11 days infant killed by father in Bajali)।

ইফালে এই অমানৱীয় ঘটনাৰ বিষয়ে আৰক্ষীয়ে অৱগত হোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় পাঠশালাৰ আৰক্ষী। আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । কিন্তু এই পৰ্যন্ত আটক কৰিব পৰা নাই নিৰঞ্জন মালাকাৰ নামৰ পাষাণ পিতৃক। পলাতক অৱস্থাত আছে পাষাণ পিতৃ ।

স্থানীয় ৰাইজৰ দাবী কৰে পলাতক অৱস্থাত থকা পাষাণ পিতৃ নিৰঞ্জন মালাকাৰক অতি শীঘ্ৰেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দি এনে অপৰাধ যাতে দ্বিতীয়বাৰলৈ আন কোনেও সংঘটিত কৰিব নোৱাৰে ।

লগতে পঢ়ক :Deadbody recovered : কাছাৰত দলঙত ওলমি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ