Local, Vocal, Global

Assembly Election Results 2023 : ছত্তীশগড়ত ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছ দলৰ মাজত তীব্ৰ যুঁজ ; কাৰ দখললৈ যাব ছত্তীশগড় ?

নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ : আজি দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা । অব্যাহত আছে চাৰিখন ৰাজ্যৰ ভোটগণনা।

বৰ্তনাম চাৰিখন ৰাজ্যৰ ফলাফলক লৈ চলিছে জল্পনা-কল্পনা(BJP, Congress In Close Fight In Chhattisgarh)।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা । ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনা অনুসৰি ছত্তীশগড়ত ভাৰতীয় জনতা পাৰ্টী আৰু শাসকীয় কংগ্ৰেছ দলৰ মাজত তীব্ৰ যুঁজ অব্যাহত আছে ৷

ECI ৰ তথ্য অনুসৰি জিলাখনত বিজেপি ৫২ খন আসনত আগবাঢ়ি আছে, আনহাতে কংগ্ৰেছ আগবাঢ়ি আছে ৩৬ খন আসনত ।

লক্ষণীয় যে ৯০ জনীয়া ছত্তীশগড়ৰ বিধানসভাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ মেজিক নম্বৰ হৈছে ৪৬ ৷

ECI ৰ তথ্য অনুসৰি, হামাৰ ৰাজ পাৰ্টী, এটা আদিবাসী দল আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে ক্ৰমান্বয়ে খুজ্জি আৰু কোন্টাত এখন আসনত আগবাঢ়ি আছে। এইবৰ্ষৰ বিধানসভা নিৰ্বাচনত মুঠ ১,১৮১ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল(Assembly Election Results 2023) ৷

উল্লেখ্য যে, ছত্তীশগড়, মধ্য প্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেল হিচাপে গণ্য কৰা হৈছে ৷ছত্তীশগড়ত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ৭ নৱেম্বৰত প্ৰথম পৰ্যায়ত ২০ টা সমষ্টিত ভোটদান অনুষ্ঠিত হৈছিল ৷ আনহাতে ১৭ নৱেম্বৰত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। দুয়োটা পৰ্যায়ৰ ভোটদানৰ হাৰ আছিল ৭৫.৩১ শতাংশ ৷ প্ৰথম পৰ্যায়ত, ৭৮ শতাংশ ভোটদান নথিভুক্ত কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত ৭৫.৮৮ শতাংশ।

ছত্তীশগড় নিৰ্বাচন ২০২৩ ৰ চাৰিটা মুখ্য প্ৰতিদ্বন্দী দল হৈছে বিজেপি, কংগ্ৰেছ, জনতা কংগ্ৰেছ ছত্তীশগড় (জেচিচি) আৰু বহুজন সমাজ পাৰ্টী (বিএছপি)। ইয়াৰ উপৰিও গণ্ডৱানা গণতন্ত্ৰ পাৰ্টী (জিজিপি), হামাৰ ৰাজ পাৰ্টী (এইচআৰপি) আৰু বাওঁপন্থী দলৰ দৰে অন্যান্য আঞ্চলিক সংগঠন ৷

লগতে পঢ়ক : Assembly Election Results: কোন ৰাজ্যত কাৰ অগ্ৰগতি, সবিশেষ