Local, Vocal, Global

Drug Peddler Trying To Flee Killed In Police Firing : পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : ৰাজ্যত পুনৰ এনকাউণ্টাৰ । পুনৰ ড্ৰাগছ সৰবৰাহকাৰী লৈ আৰক্ষীৰ গুলীচালনা ।

এইবাৰ আমিনগাঁৱত আৰক্ষীৰ গুলীচালনা । দেওবাৰে দিনৰ ভাগত আমিনগাঁৱৰ সমীপৱৰ্তী আগিয়াঠুৰীত ড্ৰাগছ সৰবৰাহকাৰী লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ।আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰী( Drug Peddler Trying To Flee Killed In Police Firing In Amingaon) ।

উল্লেখ্য যে, আমিনগাঁৱৰ সমীপৱৰ্তী আগিয়াঠুৰীত আৰক্ষীৰ গুলীচালনাৰ শব্দ । দেওবাৰে দিনৰ ভাগত এখন ছুইফট (এ এছ ০১-এফ কিউ-৮৫৩৫) নম্বৰৰ এখন গাড়ীত আহি আছিল ৩জনীয়া ড্ৰাগছ সৰবৰাহৰ লগত জড়িত এটা দল(Drug Peddler Trying To Flee Killed In Police Firing )।

আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল । অভিযানত দলটোক বাহনখন ৰখাবলৈ সংকেত দিয়ে। কিন্তু দলটোৱে আৰক্ষীৰ সংকেতৰ প্ৰতি গুৰুত্ব নিদি পলাবলৈ চেষ্টা কৰিছিল সেই সময়তে গাড়ীখনৰ পৰা এজনে আৰক্ষীলৈ লক্ষ্য কৰি গুলী নিক্ষেপ কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় আৰু আৰক্ষীৰ গুলীত এজন সৰবৰাহকাৰী নিহত হয়।

বাহনখনত থকা বাকী দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। ইফালে আৰক্ষী আৰু সৰবৰাকীৰ গুলীচলনাত আৰক্ষীৰ গুলী সাধাৰণ লোকৰ দেহতো লগা বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : 40 School Students suffered from food poisoning : মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪০ গৰাকী শিক্ষাৰ্থী