বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ বৃহৎ সাফল্য
বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ বৃহৎ সাফল্য। তিনিজনকৈ চোৰাং চিকাৰী আটক। বিশ্বনাথত বন্য প্ৰাণী সংমণ্ডলৰ অধীনত এটা দলে গোপন সূত্ৰৰ পম খেদি তিনিজনকৈ চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয়। কিছু দিন পূৰ্বে এটা নাহৰফুটুকী বাঘ হত্যা কৰি বাঘটোৰ অংগ প্ৰত্যংগ সমুহ বিক্ৰী কৰিবলৈ নিয়াৰ সময়ত হাতে লোটৈ আটক কৰে দুৰ্ধষ চিকাৰী কেইজনক। জানিব পৰা মতে পুৱা প্ৰায় ১০:৩০ মান বজাত বিশ্বনাথৰ বিহপুখুৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ বিশ্বনাথ ঘাটস্থিত কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ইকবাল হুছেইন, বিট অফিচাৰ মাধুৰ্য শইকীয়া সহ এছ. আৰ. পি. এফ. জোৱান, AFPF ৰ এক সজাতি দলে গোপন তথ্যৰ পম খেদি দুৰ্ধৰ্ষ চিকাৰী কেইজনক আটক কৰে ।আটক কৰা চিকাৰী কেইজন ক্ৰমে যুধিষ্ঠিৰ তাঁতি (জিনজিয়া), বুলেট মুণ্ডা (বৰঝাৰণি), সুভাষ মিৰ্ধা (বৰঝাৰণি) বুলি জানিব পৰা গৈছে। অভিযানৰ সময়ত অভিযানকাৰী দলে বাঘৰ ছাল, বাঘৰ হাড়, বিভিন্ন অংগ পতংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে As 12 W 1840 দুচকীয়া বাহন এখন ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে।