Local, Vocal, Global

আনলক ৫.০ ৰ গাইডলাইন বাহাল ৰাখি আনলক ৬.০

যোৱা ৩০ চেপ্তম্বৰত গৃহ মন্ত্ৰালয়ে জাৰি কৰা আনলক ৫.০ ৰ গাইডলাইনৰ কোনো সালসলনি নকৰাকৈয়ে অহা ৩১ অক্টোৱৰৰ পৰা আৰম্ভ হব আনলক ৬.০। আনলকৰ এই নতুন পৰ্যায় অহা ৩০ নবেম্বৰলৈ বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বৰ গাইডলাইন অনুসৰি ৩০ নবেম্বৰ পৰ্যন্ত কন্টেইনমেন্ট জ’নসমুহ লকডাউনৰ কবলত থাকিব। কন্টেইনমেন্ট জ’নৰ আওতাত নপৰা অঞ্চলবোৰত অপৰিবৰ্তিত ৰূপত অব্যাহত থাকিব আনলক ৫.০ৰ সকলোবোৰ নীতি-নিৰ্দেশনা। সেই অনুসৰি আন্তৰ্জাতিক বিমান পৰিবহন,ছুইমিংপুল,দোকান-পোহাৰ,৫০শতাংশ দৰ্শকৰ উপস্থিতিৰে চিনেমা হল- প্ৰেক্ষাগৃহ আদি মুকলি থাকিব। সামাজিক অনুষ্ঠান সমুহত উপস্থিত লোকৰ সংখ্যা একে সময়তে ২০০জনৰ বেছি হব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ কোনো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে স্থানীয়ভাৱে লকডাউন ঘোষণা কৰিব নোৱাৰে। সকলো ব্যৱসায়-প্ৰতিষ্ঠানে সামাজিক তথা শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।