Local, Vocal, Global

Biswanath Murder Case : পৰকীয়া প্ৰেমৰ বাবেই স্বামীক হত্যাৰ অভিযোগ, গ্ৰেপ্তাৰ পত্নী

নিউজ ডেস্ক, ১৭ আগষ্ট : বিশ্বনাথৰ ঘটনাই জোকাৰিছে ৰাজ্য (Biswanath Murder Case)। বিশ্বনাথৰ বুঢ়ীগাং নদীত শশাংক কটকী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত বুধবাৰে নিশা শশাংকৰ পত্নীক আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে। শশাংকৰ পত্নী লক্ষ্যহীৰা ভূঞা কটকীয়ে শশাংকক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। সেই এজাহাৰৰ ভিত্তিতেই আটক কৰিছে পত্নীক। পত্নী লক্ষ্যহীৰাই শশাংকৰ বন্ধুৰ সৈতে মিলি স্বামী শশাংকক হত্যা কৰাৰ অভিযোগ উঠিছে(Biswanath Murder Case police arrested Shashanka wife) ৷

শশাংকৰ পৰিয়ালৰ মতে শশাংক কটকী আৰু পত্নী লক্ষ্যহীৰা ভূঞা কটকীৰ মাজত আছিল পাৰিবাৰিক কণ্ডল । ক্ষ্যহীৰা ভূঞা কটকীৰ আছিল আন যুৱকৰ সৈতে অবৈধ সম্পৰ্ক। শেহতীয়াকৈ মৃত শশাংক কটকীয়ে মাটি বিক্ৰী কৰি লাভ কৰিছিল প্ৰায় ২২ লাখ টকা।

পৰিয়ালৰ অভিযোগ অনুসৰি দিপাংকৰ বৰা নামৰ এজন যুৱকৰ সৈতে লক্ষ্যহীৰাৰ আছে অবৈধ সম্পৰ্ক ৷ শশাংকই মাটি বিক্ৰী কৰি পোৱা ২২ লাখ টকাৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে শশাংকৰ পৰিয়ালে ৷ জানিব পৰা মতে চাৰিদিন পূৰ্বে এখন চেকক লৈ শশাংক আৰু লক্ষ্যহীৰাৰ মাজত কাজিয়া হৈছিল ৷ মাটি বিক্ৰী কৰি পোৱা টকা লক্ষ্যহীৰাই হস্তগত কৰাৰ উঠিছে অভিযোগ ৷

সেই ধনৰ লোভতে পত্নী লক্ষ্যহীৰা ভূঞা কটকীয়ে নিজৰ অবৈধ প্ৰেমিক দীপাংকৰ বৰাৰ লগত মিলি স্বামী শশাংক কটকীক হত্যা কৰাৰো সন্দেহ কৰিছে পৰিয়ালৰলোকে। দিপাংকৰৰ লগত বাইকেৰে ঘটনাস্থলীলৈ গৈছিল লক্ষ্যহীৰা। শশাংকই মাটি বেচা টকাৰে দিপাংকৰক বুলেট কিনি দিয়াৰ অভিযোগ পৰিয়ালৰলোকৰ।

শশাংকৰ পত্নী লক্ষ্যহীৰাই পলাবলৈ যো-জা কৰোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আনহাতে, দগাঁও মহিলা সমিতিৰ এটা দল বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত উপস্থিত হৈ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে ৷

পৰকীয়া প্ৰেমৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি মহিলাসকলে দাবী কৰিছে ৷ যুৱকজনৰ মৃত্যুৰ আঁৰত পত্নী জড়িত থকাৰ সন্দেহ ৰাইজৰ ৷ সেয়ে লক্ষ্যহীৰা ভূঞা কটকীক উচিত শাস্তিৰ দাবী জনায় মহিলাসকলে ৷

জানিব পৰা মতে দীৰ্ঘদিন ধৰি বিশ্বনাথ চাৰিআলি টাউনত ভাড়াঘৰ লৈ আছিল লক্ষ্যহীৰা ৷ শশাংকৰ মৃত্যুৰ পিছত এবাৰো ঘৰখনলৈ নগ’ল লক্ষ্যহীৰা ৷ আনকি শশাংকক অন্তিমবাৰৰ বাবেও নাচালে লক্ষ্যহীৰাই ৷

বিশ্বনাথ আৰক্ষীয়ে মৃত যুৱকজনৰ বন্ধু চাৰিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে বুধবাৰে নিশা শশাংক কটকীৰ পত্নী লক্ষ্য হীৰা ভূঞা কটকীকো বিশ্বনাথ আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

পৰিয়ালৰ অভিযোগ অনুসৰি এসপ্তাহমান পূৰ্বেও দিপাংকৰ বৰা আন দুজন যুৱকৰ সৈতে শশাংকক ঘৰৰ সন্মুখত আহি তেওঁক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল।

ইফালে, আৰক্ষীয়ে এতিয়ালৈকে বিচাৰি পোৱা নাই লক্ষ্যহীৰাৰ লগত অবৈধ সম্পৰ্ক থকা দিপাংকৰ বৰাক ৷ বৰ্তমান পলাতক অৱস্থাত আছে দিপাংকৰ।

উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনা বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ নিখোজ হৈছিল শশাংক । শশাংকক হত্যা কৰাৰ সন্দেহত সেই দিনাই চাৰিজনকৈ বন্ধুক আৰক্ষীয়ে আটক কৰিছিল ৷ পৰৱৰ্তী সময়ত উদ্ধাৰ হৈছিল শশাংকৰ মৃতদেহ ।

মঙলবাৰে নদীৰ পাৰত উদ্ধাৰ হৈছিল শশাংকৰ মোবাইল আৰু কাপোৰ ৷ নদীৰ পাৰতে ৰান্ধি বন্ধুৰ সৈতে মিলি দুপৰীয়াৰ সাঁজ খাইছিল যুৱকজনে। দুপৰীয়াৰ সাঁজ খোৱাৰ পিছত পুনৰ নদীত গা-ধুবলৈ যোৱা যুৱকজনক বিচাৰি নাপালে বুলি প্ৰকাশ কৰিছিল লগত থকা বন্ধুৱে ৷ বুধবাৰে SDRF–এ অভিযান চলাই উদ্ধাৰ কৰিছিল শশাংকৰ মৃতদেহ ৷

মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পৰিয়ালৰ লোকে শশাংকক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰিছিল। আৰক্ষীয়ে আটক কৰিছিল চতিয়াৰ চতিয়াল গাঁৱৰ শশাংকু হাজৰিকা, বিশ্বনাথ চাৰিআলি খৰাশিমলুৰ আকাশ বৰা, লেছুবাৰীৰ সোণমনি দাস আৰু বামগাৱৰ বিপুল দাস নামৰ চাৰি বন্ধুক ৷

লগতে পঢ়ক : Moral Policing in State : ৰাজ্যত দুটাকৈ মৰেল পুলিচিঙৰ ঘটনা, চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা দুজন লোকক