Local, Vocal, Global

Rahul Gandhi visit to Ladakh : আজি ২ দিনীয়া লাডাখ ভ্ৰমণৰ বাবে ৰাহুল গান্ধী ৰাওনা হোৱাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া লাডাখ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে (Rahul Gandhi visit to Ladakh)৷ সূত্ৰটোৱে জনোৱা অনুসৰি, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দুদিনীয়াকৈ লাডাখ ভ্ৰমণ কৰিব ৰাহুল গান্ধী। ভাৰত জোড়ো যাত্ৰাৰ সময়ত জম্মু-শ্ৰীনগৰ ভ্ৰমণ কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে । কিন্তু লাডাখ ভ্ৰমণ কৰিব পৰা নাছিল ৷ সেয়ে এইবাৰ দুদিনীয়া ভ্ৰমণসূচীৰে লাডাখলৈ যাব কংগ্ৰেছী সাংসদগৰাকী(Rahul Gandhi likely to leave for 2-day visit to Ladakh today) ৷

জানিব পৰা মতে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৰাহুল গান্ধীয়ে লাডাখ ভ্ৰমণ কৰিব । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে দুবাৰকৈ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ আৰু জম্মু ভ্ৰমণ কৰিছিল ৷ কিন্তু সময়ৰ অভাৱৰ বাবে লাডাখ ভ্ৰমণ কৰিব পৰা নাছিল । দলীয় এক সূত্ৰই উল্লেখ কৰা অনুসৰি, ‘‘এই বছৰৰ জানুৱাৰী মাহত ৰাহুল গান্ধীয়ে ভাৰত জড়ো যাত্ৰাৰ সময়ত জম্মু-শ্ৰীনগৰ ভ্ৰমণ কৰিছিল । চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত তেওঁ পুনৰবাৰ ব্যক্তিগতভাৱে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছিল ৷ কিন্তু লাডাখ ভ্ৰমণ কৰিব পৰা নাছিল’’৷

আনহাতে চলিত বৰ্ষতে কংগ্ৰেছ নেতাগৰাকীয়ে ইউৰোপ ভ্ৰমণলৈ যোৱাৰো সম্ভাৱনা আছে ৷ জানিব পৰা মতে, ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা তিনিখন দেশ ক্ৰমে বেলজিয়াম, নৰৱে আৰু ফ্ৰান্স ভ্ৰমণৰ সম্ভাৱনা আছে ৷ আনকি কংগ্ৰেছৰ সাংসদগৰাকীয়ে ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত ইউৰোপ ভ্ৰমণ কৰিব ৷ য’ত তেওঁ ভাৰতীয় প্ৰব্ৰজনকাৰী আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৷

প্ৰকাশিত খবৰ অনুসৰি, কংগ্ৰেছ নেতাগৰাকীয়ে চলিত বৰ্ষতে তিনিখন চহৰ ক্ৰমে ছান ফ্ৰান্সিস্কো, ৱাশ্বিংটন ডিচি আৰু নিউয়ৰ্ক সামৰি লৈছিল ৷ য’ত তেওঁ সাক্ষাৎ কৰিছিল ভাৰতীয় প্ৰব্ৰজনকাৰী, ভেঞ্চাৰ কেপিটেলিষ্ট, সাংসদসকলৰ লগতে অন্যান্য কিছু লোককো ৷

উল্লেখ্য় যে ৰাহুল গান্ধীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে লণ্ডণৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উপস্থিত হৈছিল ৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ৰাহুল গান্ধীয়ে দিয়া ভাষণৰ পিছৰে পৰা সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ য’ত তেওঁ উল্লেখ কৰিছিল যে ভাৰতীয় গণতন্ত্ৰ হেঁচাত পৰিছে আৰু আক্ৰমণৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক : Test for Government jobs : হিন্দী-ইংৰাজীৰ উপৰিও ১৩ টা ভাষাত অনুষ্ঠিত হ’ব চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষা