Local, Vocal, Global

Moral Policing in State : ৰাজ্যত দুটাকৈ মৰেল পুলিচিঙৰ ঘটনা, চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা দুজন লোকক

ছিপাঝাৰ, ১৭ আগষ্ট : ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা (Moral Policing in State)। ৰাজ্যত মৰেল পুলিচিঙৰ ঘটনা প্ৰায় সংঘটিত হৈ আছে (Moral Policing in Sipajhar)। ৰাজ্যত দুটাকৈ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে । তামুলপুৰ আৰু ছিপাঝাৰত চোৰৰ সন্দেহত মৰিয়াই হত্যা ।

মৰেল পুলিচিঙক লৈ ছিপাঝাৰৰ পদ্মাঝাৰত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ছাগলী চোৰক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় অঞ্চলটোত। ছাগলী চোৰৰ অভিযোগত একাংশলোকে মৰিয়াই মৰিয়াই হত্যা কৰে এজন লোকক । গণপ্ৰহাৰত মৃত্যু হয় মজিবৰ আলি নামৰ এজন লোকৰ ।

ঘটনাৰ পাছতে মজিবৰক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয় । ঘটনা সন্দৰ্ভত ইতিমধ্যে বুঢ়া আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক।

একাংশ লোকে আৰক্ষীকো প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে । বুঢ়া আৰক্ষী চকীত উপস্থিত হৈছে দৰঙ জিলাৰ আৰক্ষী অধীক্ষক । ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

আনটো ঘটনা সংঘটিত হৈছে তামুলপুৰত (tamulpur moral policing case) । চোৰৰ সন্দেহত এজন যুৱকক তামোল গছত বান্ধি মৰিয়াই হত্যা কৰে । এই ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে পুৱতি নিশা তামুলপুৰত ।

নিহত যুৱক জন তিনিপুখুৰী গাঁৱৰ বিনোদ ব্ৰহ্ম (২৭) বুলি জানিব পৰা গৈছে ৷ একে গাঁৱৰে বলাই দাস নামৰ লোকজনৰ ঘৰত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা । মৃত বিনোদ ব্ৰহ্মক বলাই দাসে ৰচিৰে বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালে ।

এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে । পুৱা ৬ মান বজাত খবৰ পাই ঘটনাস্থলীত তামুলপুৰ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় মৃতদেহ। অভিযুক্ত বলাই দাস সম্প্ৰতি পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : Deadbody recovered in Guwahati : পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ, হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ