Local, Vocal, Global

ড্ৰাগ্ছ ব্যৱসায়ীৰ বিৰূদ্ধে কঠোৰ অসম আৰক্ষী

ড্ৰাগ্ছ ব্যৱসায়ীৰ বিৰূদ্ধে কঠোৰ অসম আৰক্ষী। চতিয়াত গুৱাহাটীৰ পৰা উত্তৰ লখিমপুৰ অভিমুখী পৰিবহণ নিগমৰ বাছত হেৰ’ইনসহ আটক ড্ৰাগছ ব্যৱসায়ী।বিশেষ সুত্ৰৰ খবৰৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২:৫৫ বজাত অভিযান চলাই গুৱাহাটীৰ পৰা উত্তৰ লখিমপুৰ অভিমুখী AS20-1802 নম্বৰৰ পৰিবহণ নিগমৰ বাছখনৰ পৰা এজন লোকক অন্তৰ্বাসৰ তলত দুটা পেকেটত লুকুৱাই অনা ২০ গ্ৰাম ওজনৰ হেৰ’ইনসহ আটক কৰে। আটক কৰা লোকজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ কাজী চিয়াবুদ্দিন।আৰক্ষীয়ে জনোৱামতে উদ্ধাৰ হোৱা হেৰ’ইনখিনি ডিমাপুৰৰ পৰা বান্দৰদেৱালৈ বিক্ৰীৰ বাবে অনা হৈছিল।
পিছত ধৃত লোকজনৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে ড্ৰাগছ ক্ৰয় কৰিবলৈ সাজু কৰি ৰখা নগদ ৪২,০০০টকাসহ ৰাজু খান নামৰ আন এজন ড্ৰাগ্ছ ব্যৱসায়ীক বান্দৰদেৱাত ঘৰৰ পৰাই আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে বান্দৰদেৱাত জালত পৰা কুখ্যাত ড্ৰাগ্ছ ব্যৱসায়ী ৰাজু খান চলিত বছৰৰ জানুৱাৰী মাহতো বিপুল পৰিমাণৰ ড্ৰাগ্ছসহ আৰক্ষীৰ হাতত ধৰা পৰিছিল ।