Local, Vocal, Global

মহানগৰীৰ কাহিলীপাৰাত শোকাৱহ ভুমিস্খলন

এক শোকাৱহ ঘটনা । কাহিলীপাৰাত সংঘটিত হোৱা ভুমিস্খলনত নিহত এগৰাকী মহিলা । হায়াত হাস্পতালত মৃত্যু মহিলাগৰাকীৰ । উল্লেখ্যযে ভুমিস্খলনৰ ফলত আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ভৰ্তি কৰা হৈছিল  মহানগৰীৰ হায়াত হাস্পতালত ।

বৰ্তমানেও ভুমিস্খলনস্থলীত ৫ ঘন্টা ধৰি আৱদ্ধ হৈ আছে ভৰত কলিতা নামৰ লোকজন । বৰ্তমানেও যুদ্ধকালীন তৎপৰতাৰে অব্যাহত আছে উদ্ধাৰ অভিযান । আৱদ্ধ লোকজনক পুৱাৰে পৰা যোগান ধৰা হৈছে খাদ্য আৰু অক্সিজেন । ঘটনাস্থলীত উপস্থিত হৈছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য ।