বিশ্বনাথত বৃহৎ পৰিমানৰ সুৰা জব্দ
বিশ্বজুৰি ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰা মানৱ সভ্যতাক ৰক্ষা কৰাৰ বাবে চলি থকা লকডাউনৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে ৰাজ্যজুৰি চলাইছে অবৈধ সুৰা আৰু নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ ব্যতিক্ৰম নহয় বিশ্বনাথ জিলাও ৷ জিলাখনৰ কেইবাজনো অবৈধ সুৰা ব্যৱসায়ীয়ে জিলাখনৰ অলিয়ে-গলিয়ে চলাইছে অবৈধ সুৰাৰ ব্যৱসায় ৷ আৱকাৰী বিভাগেও এই সুৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ শেহতীয়াকৈ বুধবাৰে বিশ্বনাথৰ জিনজিয়াত আৱকাৰী বিভাগে দেৱেশ্বৰ সন্দিকৈ আৰু জয়ন্ত বৰাৰ নেতৃত্বত এক অভিযান চলাই জিনজিয়া দৈনিক বজাৰত অৱস্থিত এখন হোটেলত বিক্ৰীৰ বাবে ৰখা ৬ কাৰ্টুন অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে হোটেল খনৰ স্বত্বাধিকাৰী সুমন দত্তক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ সুৰা ব্যৱসায়ী সুমনে জিনজিয়াৰে তৰুণ কুণ্ডুৰে লগলাগে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা তৰুণ কুণ্ডুৰ দ্বাৰাই চলি আছিল ৷ এতিয়া প্ৰশ্ন হৈছে আৱকাৰী বিভাগটোৱে তৰুণ কুণ্ডুৰ দৰে সুৰাসম্ৰাটক নাকী লগাই অঞ্চলটো কেনেদৰে সুৰামুক্ত কৰে সেয়া লক্ষনীয় হৱ ৷