পুনৰ বন্ধ হ’ল পঞ্চতীৰ্থ
ক্ৰমাৎ ৰাজ্যত ভয়াৱহ ৰূপ লৈছে কৰ’নাৰ গণ সক্ৰমণে।গণসংক্ৰমনৰ ফলত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত। কৰ’না ৰোধৰ উদ্দেশ্যে পুনৰবাৰ দৰ্শনাৰ্থীৰ বাবে অনিদিষ্ট কাললৈ বন্ধ কৰি দিয়া হ’ল হয়গ্ৰীৱ মাধৱকে ধৰি পঞ্চতীৰ্থ । দৰ্শনাৰ্থীৰে উদুলি-মুদলি হৈ থকা পঞ্চতীৰ্থৰ পৰিবেশ আজি নিমাও-মাও।বন্ধ হৈ পৰিছে মালা, ফুল ,চাকি ধূপৰ ব্যৱসায়ৰ লগতে বিভিন্ন দোকান-পোহাৰ । স্বাভাৱিক অৱস্থা ঘুৰি আহিলে পুনৰ মুকলি কৰি দিৱ দৰ্শনাৰ্থীৰ বাবে পঞ্চতীৰ্থৰ দুৱাৰ । এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে পৰিচালনা সমিতিয়ে।