Local, Vocal, Global

বিশ্বনাথৰ বাঘমাৰীত জিনজিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰাং চিকাৰীক

বিশ্বনাথৰ বাঘমাৰীত চোৰাং চিকাৰী গ্ৰেপ্তাৰ৷ জিনজিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হেকমট আলী নামৰ চোৰাং চিকাৰীটোক৷ চোৰাং চিকাৰীটোৰ পৰা উদ্ধাৰ কৰা হৈছে এটা ৩০৩ ৰাইফলৰ মেগজিন, ৫ জাঁই সজীৱ গুলী, বন্দুকৰ এটা ট্ৰিগাৰ আৰু এডাল চাইলেঞ্চাৰ৷ ঘৰৰ পিছফালে পাকঘৰত মৰাপাটৰ ঠাঁৰিৰ দ’মৰ মাজত লুকুৱাই ৰাখিছিল অস্ত্ৰ-শস্ত্ৰসমূহ৷ আৰক্ষী আৰু এছএছবিৰ যুটীয়া অভিযানত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰসমূহ৷ ইতিমধ্যে জিনজিয়া আৰক্ষীয়ে ৭৫/২০ নম্বৰত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰি চাৰিদিনৰ বাবে নিজৰ জিম্মাত লৈছে হেকমটক৷