নুমলী কুৱঁৰী গড়ত অইলৰ খনন, গৰজি উঠিল লুৰিণজ্যোতি

নুমলীগড়ত অইল ইণ্ডিয়া লিমিটেডে নুমলী কুঁৱৰী গড় আৰু হস্তীদণ্ডী ধংস কৰা কাৰ্য্যক গৰিহণা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। ক্ষেত্ৰ পৰিদৰ্শন কৰি অইলৰ এই কাৰ্যক বন্ধ কৰাৰ হুংকাৰ আছু নেতা গৰাকীৰ। প্ৰাচীন কছাৰী ৰাজ্যৰ গৌৰৱময় ইতিহাসৰ স্মৃতি বহন কৰা নুমলী কুঁৱৰীৰ গড় অইল ইণ্ডিয়া কৰ্তৃপক্ষই বুলডেজাৰ লগাই খান্দি ধ্বংস কৰিছে। গড়টো দ্বিখণ্ডিত কৰি অইলে বহুৱাইছে পাইপলাইন। অইল ইণ্ডিয়াই নুমলী কুঁৱৰীয়ে স্থাপন কৰা ঐতিহাসিক গড়টো চলোৱা খননৰ তীব্ৰ ভাষাৰে গৰিহণা আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। ক্ষেত্ৰ পৰিদৰ্শন কৰি অইলৰ এই কাৰ্যক বন্ধ কৰাৰ সকীয়নি দিছে। অন্যথা অনাগত সময়ত বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ।