Local, Vocal, Global

এক বিৰল প্ৰজাতিৰ পক্ষী উদ্ধাৰ

এক বিৰল প্ৰজাতিৰ পক্ষী উদ্ধাৰ ৷

 

দেখাত প্ৰায় ফেঁচাৰ দৰে এই পক্ষীবিধ  নিশাচৰ ৷

 

তিনিচুকীয়াৰ কাকপথাৰত এক বিৰল প্ৰজাতিৰ পক্ষী উদ্ধাৰ ৷১ নং হাতীগড় লংকাদ্বীপ গাঁৱত উদ্ধাৰ এই পক্ষী বিধ ৷ প্ৰায় দুমাহ ধৰি দীপক মহন্তৰ বাসগৃহত দেখা পোৱা গৈছে এই চৰাইবিধ ৷ দেখাত প্ৰায় ফেঁচাৰ দৰে এই পক্ষীবিধ  নিশাচৰ ৷ দেহৰ ৰং মটীয়া আৰু ক’লা ৷ মুখখন ভেকুলী দৰে মেলি দিয়ে ৷

অসমত আগতে এই পক্ষীবিধ দেখা পোৱা  নগৈছিল ৷ ৰাতি উৰিযোৱা চৰাই বিধ ৰাতিপুৱা পুনৰ একে ঠাইলৈ উভতি আহে ৷ বিভিন্ন ঠাইৰ লোক আহি সমাগম কৰিছেহি ঠাইখনত ৷ চৰাইবিধৰ প্ৰজাতি এতিয়া লৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ স্থানীয়লোকে পক্ষীবিধ পৰিভ্ৰমী চৰাই বুলি অনুমান কৰিছে ৷ আগতে

এই অঞ্চলত এই ধৰণৰ চৰাই দেখা পোৱা নগৈছিল ৷ চৰাই বিধৰ খাদ্য কি এতিয়ালৈকে জানিব পৰা নাই ৷ ডাঙৰী নৈৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত লংকাদ্বীপ এতিয়া মিনি পৰ্যটনস্থলীলৈ ৰূপান্তৰ হৈছে ৷ চৰাই বিধ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অনুৰুধ স্থানীয় ৰাইজৰ ৷