Local, Vocal, Global

নিজ খুৰীয়েকে বিক্ৰী কৰিলে ভতিজা ছোৱালীক

ৰঙিয়াত নিজৰ খুৰীয়েকে ৰাজস্থানত বিক্ৰী কৰিলে ভতিজা ছোৱালীক ।

আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগীৰ । ৰঙিয়াত সংঘটিত হৈছে এক নিৰ্লজ্য ঘটনা । ৰঙিয়াৰ ভট্টপাৰাত খুৰীয়েকে নিজৰ এগৰাকী ভতিজা ছোৱালীক ধনৰ বিনিময়ত ৰাজস্থানত বিক্ৰী কৰাৰ চাঞ্চল্যকৰ অভিযোগ উথ্বাপিত হৈছে।ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ ফালৰ পৰা খুৰীয়েক কল্যাণী দাসৰ বিৰুদ্ধে ৰঙিয়া থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

উথ্বাপিত অভিযোগ অনুসৰি কল্যাণী দাস নামৰ মহিলা গৰাকীয়ে নিজৰ ভতিজা কিশোৰী গৰাকীক পৰিয়ালৰ আন সদস্যক নজনোৱাকৈ একমাত্ৰ ধনৰ লালসাত ৰাজস্থানত এগৰাকী ৪০/৪৫ বছৰীয়া ব্যক্তিৰ ওচৰত বিক্ৰী কৰে। এই বিস্ফোৰক অভিযোগ ভুক্তভোগী কিশোৰী গৰাকীৰ জেষ্ঠ ভগ্নী লিপি দাসৰ। জেষ্ঠ ভগ্নী লিপি দাসে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে পিতৃ-মাতৃ হীনা কিশোৰী গৰাকীক খুৰীয়েক কল্যাণী দাসে ধনৰ প্ৰলোভন দি এনেদৰে ৰাজস্থানৰ এগৰাকী অচিনাকি ব্যক্তিক গতাই দিয়ে।

উল্লেখযোগ্য যে কিশোৰী গৰাকীৰ একমাত্ৰ জেষ্ঠ ভগ্নী লিপি দাসৰ বিয়া হৈ যোৱাৰ পিছতে সুযোগ গ্ৰহণ কৰি খুৰীয়েকে অকলশৰীয়া কিশোৰী গৰাকীক এনেদৰে ষড়যন্ত্ৰ কৰি বিয়া দিয়াৰ চলেৰে ৰাজস্থানত বিক্ৰী কৰে।ঘটনাৰ বিষয়ে জেষ্ঠ ভগ্নী গৰাকী অৱগত হোৱাত খুৰীয়েক কল্যাণী দাসৰ বিৰুদ্ধে ৰঙিয়া থানাত এক গোচৰ ৰুজু কৰে। ইপিনে সোমবাৰে ৰঙিয়া থানাত উপস্থিত হৈ জেষ্ঠ ভনীয়েক গৰাকীয়ে আৰক্ষীৰ লগত যোগাযোগ কৰাত একো সুফল নোপোৱাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে।

এই ক্ষেত্ৰত আৰক্ষীয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। সংবাদ মাধ্যমৰ যোগেদি আৰক্ষীৰ শীৰ্ষ বিষয়াক কিশোৰী গৰাকীক উদ্ধাৰ কৰি আনি দিবলৈ ভগ্নী গৰাকীয়ে কাতৰ অনুৰোধ জনাইছে।