Local, Vocal, Global

মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰপ’ৱে সেৱা

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ। ৭ মিনিটতে পাৰ হ’ব পাৰিব বৰলুইত। অপেক্ষাৰ অৱসান ঘটাই আজিৰে পৰাই মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰপ’ৱে সেৱা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে মুকলি কৰিলে এই ৰপ’ৱে সেৱা। দেশৰ ভিতৰত দীৰ্ঘতম ৰপ’ৱে সেৱা হিচাপে পৰিচিত হৈছে এই ৰপ’ৱে সেৱা। ১১ বছৰৰ অন্তত মুকলি হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰূপ’ৱে সেৱা। ২০০৯ চনতে আৰম্ভ হৈছিল ৰূপ’ৱে নিৰ্মাণৰ কাম।
আজিৰে পৰাই প্ৰতিদিনে গুৱাহাটীৰ পৰাই উত্তৰ গুৱাহাটীলৈ চলিব এই ৰপ’ৱে সেৱা। ৩২ গৰাকীকৈ যাত্ৰীয়ে এবাৰত যাত্ৰা কৰিব পাৰিব কিন্তু কৰ’নাৰ ভয়াৱহতাৰ বাবে বৰ্তমান ১৫ জনকৈ যাত্ৰীয়ে এবাৰত যাত্ৰা কৰিব পাৰিব।