চিৰাঙৰ বিজনীত উদীয়মান যুৱক-যুবতীৰ আদৰণীয় পদক্ষেপ

চিৰাং জিলাৰ বিজনী মহকুমা অন্তৰ্গত বিজনী নগৰত দেখিবলৈ পোৱা গল উদিয়মান যুৱক-যুবতী সকলৰ আদৰনীয় পদক্ষেপ। নগৰ খনৰ বিভিন্ন ঠাইত বিজনী নগৰ সমিতিৰ সহযোগত কৰ’ণা সংক্ৰমন ৰোধ কৰাৰ বাবে এইসকল যুৱক-যুবতীয়ে ৰ’দ-বৰষুণকো নেওচি ওলাই আহিছে কৰ’না সম্বন্ধে চিত্ৰাঙ্কন কৰিবলৈ। কৰ’না সৰ্ন্দভত ল’বলগীয়া সজাগতা সৰ্ম্পকে জনসাধাৰনক চিত্ৰাঙ্কনৰ জৰিয়তে বুজাইছে তেওঁলোকে। পকি দেৱাল খনত স্পষ্টভাৱে অংকন কৰে, সামাজিক দূৰত্ব বজাই ৰাখক, মাস্ক পৰিধান নকৰাকৈ ঘৰ চৌহদৰ পৰা ওলাই আহোতে সাবধান থাকক। তেওঁলোকৰ প্ৰচেষ্টাৰ সলাগ লৈছে বিজনীৰ একাংশ সচেতন মহলে।