Local, Vocal, Global

সন্ত্ৰাস আৰু ভয়াৱহতাৰ মাজতে আহিছে এটা ভাল খবৰ

দেশত কৰ’নাৰ ভয়াৱহতা। কিন্তু সন্ত্ৰাস আৰু ভয়াৱহতাৰ মাজতে আহিছে এটা ভাল খবৰ। শনিবাৰে পৰীক্ষামূলকভাৱে ব্যক্তিয়ে শৰীৰত  ল’লে ক’ভিডৰ ভেকচিন। দিল্লীৰ এইমছত ৩০ বছৰীয়া এজন লোকে শনিবাৰে পৰীক্ষামূলকভাৱে ল’লে কভিডৰ ভেকচিন। দিল্লীৰ এইমছত লোকজনক দিয়া হয় ‘COVAXIN’ নামৰ ভেকচিনটো। বিভিন্ন পৰীক্ষাৰ অন্তত ১০ গৰাকী লোক  উপযুক্ত বিবেচিত হৈছে কৰ’নাৰ ভেকচিন দিয়াৰ বাবে।

প্ৰথম ড’জ ভেকচিন দিয়াৰ পিছতে তেওঁলোকৰ স্বাস্থ্যৰ এথিক কমিটিক অৱগত কৰা হ’ব বুলিও জানিবলৈ দিছে এইমছৰ এক সূত্ৰই। আইচিএমআৰৰ সৈতে লগ লাগি কভাস্কিন ‘COVAXIN’   নামৰ ভেকচিন তৈয়াৰ কৰিছে  ভাৰত বায়’টেকে ।