Website Design: dastechnologies.in
কামৰূপ জিলাৰ হাজোত পাগলাদিয়া, পুঠিমাৰী আৰু ভৈৰাতোলা নদীৰ বাঢ়নি পানীৰ সংহাৰী ৰূপ। ঘৰৰ চোতালেৰে বৈছে পানীৰ প্ৰৱল সোঁত। ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন অঞ্চলটোত।
কামৰূপ জিলাৰ হাজোৰ খলিহামাৰীত পাগলদিয়া, পুঠিমাৰী আৰু ভৈৰাতোলা নদীৰ বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বানত ককবকাইছে খলিহামাৰীৰ ৰাইজে। প্ৰলয়ংকাৰী বানত বহু পৰিয়ালৰ ঘৰ-দুৱাৰত পানী সোমোৱাৰ ফলত পথৰ ওপৰত থাকিবলগীয়া হৈছে। পানীৰ সোঁতত ঘৰ-দুৱাৰ বিধস্ত হোৱাত একাংশ বানাক্ৰান্তই আশ্ৰয় লৈছে পথৰ ওপৰত। খলিহামাৰীত বলিয়া বানে পথটোৰ কেইবাঠাইতো ছিঙি পেলায়। যাৰ বাবে বানপীড়িত ৰাইজৰ দুৰ্দশা কুলাই-পাচিয়ে নধৰা হৈছে৷ প্ৰশাসনৰ লোকে খবৰ নোলোৱাৰ অভিযোগ বন্যাৰ্তৰ। আনকি পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুক লৈ চিন্তিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ। উল্লেখ্য যে পুঠিমাৰী আৰু ভৈৰাতোলা নদীৰ বাঢ়নি পানীয়ে হাজোৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্ণি, আন্ধুপাৰা, শ’লমাৰী, দ’ বৰ্ণি, আধীয়াৰপাৰা, দেহৰকুৰিহা, শনিয়াদি, মেলেকীপাৰা, ৰাজাবজাৰ, হিৰাজেনীকে আদি কৰি কেইবাখনো ৰাজহ গাঁও বানৰ কৱলত।