Local, Vocal, Global

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভৱানীপুৰ ব্লক কংগ্ৰেছৰ প্ৰতিবাদ

59

শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে বজালীৰ ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে সৰুপেটা ৰাজীৱ ভৱন কাৰ্যালয়ৰ পৰা সমদল উলিয়াই পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ পিছত প্ৰতিবাদকাৰীসকলে সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰে । লকডাউনৰ সময়ত বিজেপি চৰকাৰে প্ৰতিদিনাই পেট্ৰ’ল-ডিজেল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ শোধোৱাৰ অভিযোগ ব্লক কংগ্ৰেছৰ৷ নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হোৱা বুলিও কঠোৰ সমালোচনা কৰে ব্লক কংগ্রেছৰ নেতৃবৃন্দই ৷