তেজপুৰত মাস্ক নিপিন্ধা লোকক জৰিমনা

তেজপুৰতো কঠোৰ আৰক্ষী
কঠোৰ হৈছে তেজপুৰ আৰক্ষী।যান-বাহনৰ চলাচল বন্ধ আৰু মাস্ক পিন্ধাটো সকলোৰে বাবে বাধ্যতামূলক কৰিছে প্ৰশাসনে। শনিবাৰে তেজপুৰৰ ৰাজপথত মাক্স নিপিন্ধি ঘূৰি ফুৰা লোক আৰু যান-বাহনৰ চালক-পৰিচালকক জৰিমনা বিহে । শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ থানাৰ অন্তৰ্গত অঞ্চলসমূহত অতিৰিক্ত উপায়ুক্ত ৰোহন ঝা আৰু আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে বহু লোকক জৰিমনা বিহি মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিবলৈ আহ্বান জনায়।