ওপজা দিনত কবি-সাহিত্যিক হেমাংগ বিশ্বাসলৈ সশ্ৰদ্ধ প্ৰণাম
আজি হেমাংগ বিশ্বাসদেৱৰ পৱিত্ৰ ওপজা দিনত তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। হেমাংগ বিশ্বাস (১৯১২ – ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত, যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। মূলতঃ লোক সংগীতক কেন্দ্ৰ কৰি গণসংগীত সৃষ্টিৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য। ১৯১২ চনৰ ১৪ জানুৱাৰীৰ দিনা বৰ্তমান বাংলাদেশৰ অন্তৰ্গত শ্ৰীহট্ট জিলাৰ মিৰাছী গাঁৱত হেমাংগ বিশ্বাসৰ জন্ম হয়। তেওঁৰ পিতৃ হৰকুমাৰ বিশ্বাস মিৰাছী জিলাৰ তৰপ পৰগণাৰ এজন সৰুসুৰা জমিদাৰ আছিল। মাতৃ সৰোজিনী আছিল এগৰাকী সুকণ্ঠী গায়িকা। মাতৃ আৰু মোমায়েকৰ পৰা বিশ্বাসে সংগীত শিক্ষাৰ প্ৰেৰণা পাইছিল আৰু শৈশৱতে তেওঁ বিভিন্ন লোকগীত, লোকনৃত্য, যাত্ৰা আদিৰ সৈতে পৰিচিত হৈছিল। সাহিত্যত অৱদান (অসমীয়া ): = কুলখুৰাৰ চোতাল, অসমীয়া ভাষাত লিখা এখন কবিতা সংকলন। আকৌ চীন চাই আহিলো জীৱন শিল্পী জ্যোতিপ্ৰসাদ, অসম আৰু বংগৰ লোক সংগীত সমীক্ষা আদি গ্ৰন্থ। ১৯৮৭ চনৰ ২২ নৱেম্বৰ (৭৫ বছৰ)ত তেখেতৰ মৃত্যু হৈছিল।