বিপিএফত যোগদান বিজেপিৰ বাক্সা জিলা যুৱ মৰ্চাৰ সভাপতিৰ
বাক্সা জিলাৰ শুক্লাই চেৰফাং সমষ্টিত বিপিএফৰ প্ৰাৰ্থী গণেশ কছাৰীৰ নিৰ্বাচনী সভা। শুৱাগপুৰৰ ঔবাৰীৰ নিজা বাসগৃহত ৫শতাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভা গণেশ কছাৰীৰ। আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ দলে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে কছাৰীয়ে। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গণেশ কছাৰীয়ে মন্তব্য কৰে যে তেওঁৰ সমষ্টিত আজিলৈ ৯ গৰাকীকৈ জনপ্ৰিতিনিধিক তেওঁৰ কাৰ্যকালত লগ পাইছে কিন্তু কোনেও শুক্লাই চেৰফাং সমষ্টিৰ উন্নয়নৰ বাবে গুৰুত্ব আৰোপ নকৰিলে। তেওঁতকৈ আনে বেছি উন্নয়নমূলক কাম কৰা বুলি দেখুৱাই দিব পাৰিলে তেওঁক এটাও ভোট নালাগে বুলি প্ৰকাশ কৰে কচাৰীয়ে। লগতে তেওঁ মন্তব্য কৰে যে এতিয়ালৈ ২৩০০ লোকে যোগদান কৰিছে আৰু আগন্তুক নিৰ্বাচনত তেওঁ অভিলেখ ভংগ কৰি জয়ী হ’ব বুলি মন্তব্য কৰে।
উল্লেখ্য যে সভাত কেবাজনো বিশিষ্ট ব্যক্তিৰ লগতে বিপিএফৰ নেতা কৰ্মী উপস্থিত থাকে। লগতে উক্ত সভাতে আন দলৰ পৰা অহা শতাধিক লোকে বিপিএফত যোগদান কৰে।