কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে হিমা দাস, ৰিয়ান পৰাগে…

কৰ’নাৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ত উপস্থিত ধিং এক্সপ্ৰেছ হিমা দাস৷ হিমা দাসৰ লগতে অসম সন্তান ৰিয়ান পৰাগেও শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে৷ দুয়োগৰাকী খেলুৱৈয়ে BA PROGRAMME FOR SPORTS PERSONত নামভৰ্তি কৰে৷ হিমা দাসে নিজেই বিশ্ববিদ্যালয়খনত উপস্থিত হৈ নামভৰ্তি কৰে৷ ৰিয়ান পৰাগৰ মাতৃ সাতোঁৰবিদ মিথু বৰুৱা উপস্থিত হৈ পুত্ৰৰ নামভৰ্তি কৰায়৷ দুয়োগৰাকী খেলুৱৈৰ ব্যস্ততাৰ বাবে সম্প্ৰতি অস্থায়ীভাৱে নামভৰ্তি কৰায়৷ অৱশ্যে তেওঁলোক কি কি বিষয়ত অধ্যয়ন কৰিব সেই কথা এতিয়াও নিশ্চিত হোৱা নাই৷
বৰ্তমানলৈ মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে BA PROGRAMME FOR SPORTS PERSON পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে৷ সম্প্ৰতি ৰিয়ান পৰাগ ডুবাইত আই পি এলৰ অনুশীলনৰ বাবে ব্যস্ত৷ আৰু হিমা দাস অনুশীলনৰ বাবে আজি পাটিয়ালালৈ ৰাওনা হ’ব৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ বাবে খেলি থকা ক্ৰীড়াবিদসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ২০২০ বৰ্ষৰ পৰা BA PROGRAMME FOR SPORTS PERSON পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছে৷