Local, Vocal, Global

বৰষাৰাণী বিষয়াক লৈ কোনে কৰিছে ৰাজনীতি?

এটা ফেচবুক পোষ্টে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত। ‘কা’ আন্দোলনত সক্ৰিয় ভুমিকা লোৱা অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ এটা ফেচবুক পোষ্টে সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ যতীন বৰাই BJPত যোগদান কৰাক কেন্দ্ৰ কৰি কোনো দুষ্টচক্ৰই বৰষাৰাণী বিষয়াৰ ফেচবুক পেজৰ সৈতে সম্পাদনা কৰি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ চলাইছে। সম্পাদনা কৰা ফেচবুক পোষ্টত লিখা আছে যে ‘তিন বৰাই উচিত সিদ্ধান্ত লৈছে। একাংশ সংগঠনে ‘কা ‘আন্দোলনক নিজৰ নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবেহে ব্যৱহাৰ কৰা যেন মোৰ দৰে বহুতৰে হয়তো অনুভৱ হৈছে।” প্ৰথম অৱস্থাত পোষ্টক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

কিন্তু মঙলবাৰে নিশা বৰষাৰাণী বিষয়াই তেওঁৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে সৰৱ হয়। লগতে অভিনেত্ৰীগৰাকী নিজৰ পেজৰ পৰাই মন্তব্য কৰে যে , ৰাজনীতিৰ নামত ইমানো তললৈ নানামিব। প্ৰথম কথা যিজনে এই ভুৱা ষ্ক্ৰিনশ্বটতো বনালে তেওঁ চাগে নেজানে যে মোৰ ফেচবুক পেজটো verified পেজ হয়, ব্লু টিক লাগি থাকে।
মই এজনী সাধাৰণ অভিনেত্ৰী যিয়ে অভিনয় কলাটোক নিজতকৈও বেছি ভাল পাওঁ । মিছা ট্ৰোল আৰু সমালোচনাৰে মোক ইমান সহজে দুৰ্বল কৰিব নোৱাৰিব, গতিকে নিজৰ কৰ্ম কৰক। অবশ্যে মোৰ নামত সময় খৰচ কৰি যদি আপোনালোকৰ কিবা লাভ হয় তেন্তে নিঃসন্দেহে কৰি থাকক মোৰ ক’ব লগা একো নাই ।।😊😊
সম্পূৰ্ণ মিছাকৈ এনেকুৱা কিবা কৰি জনমানসৰ ওচৰত মোক বেয়া বনাবলৈ চেষ্টা নকৰিব ।।🙏🙏
Blue tick থকাটো মোৰ verified facebook page।
গতিকে মোৰ page’r পৰা দিয়া হ’লে blue tick থাকিলে হেতেন।😊 আগলৈ মনত ৰাখিব 😜” 

উল্লেখ্য যে বৰষাৰাণীয়ে মন্তব্য কৰা অনুযায়ী তেওঁৰ ফেচবুকত ব্লু টিক আছে। লক্ষ্যণীয়ভাৱে এচাম দুষ্টচক্ৰই এইদৰে বৰষাৰাণী বিষয়াৰ ষড়যন্ত্ৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত।