Local, Vocal, Global

৮০ হাজাৰ অতিক্ৰম ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ মঙলবাৰৰ দিনটোত ৰাজ্যত পুনৰ আক্ৰান্ত ২,৫৩৪ গৰাকী। ইয়াৰ বিপৰীতে মঙলবাৰৰ দিনটোত আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১,৫৬০গৰাকী ৰোগীয়ে। কামৰূপ মেট্ৰ’ত আক্ৰান্তৰ সংখ্যা ৪৯৮ গৰাকী, ডিব্ৰুগড়ৰ ২৬৭ গৰাকী, কাচাৰৰ ২৪৪ গৰাকী আৰু কামৰূপৰ ১৪৫ গৰাকী।

 

ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৮২,২০১ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৫৮,২৯৪ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ২০৩ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২৩,৭০১ গৰাকী।
২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ৪৪,৪১৬ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৫.৭ শতাংশ।