অভাৱে আৱিষ্কাৰৰ মূল, লকডাউনৰ জটিল সময়তো কিছু ইতিবাচক খবৰ

অভাৱে আৱিষ্কাৰৰ মূল। বিপদে সৃষ্টি কৰে সম্পদৰ। আৰু যেতিয়া মানৱ সভ্যতাৰ বিপদ আহে তেতিয়া সৃষ্টি হয় মানৱ সম্পদৰ। ক’ভিড–১৯ৰ সংকটত বহুত লোক বিপদত পৰিছে যদিও একাংশ লোকৰ জীৱনলৈ নামি আহিছে প্ৰভাতী সুৰুজৰ আৱিৰৰ দৰে নতুন আশাৰ সঞ্চাৰ। ২৪ মাৰ্চৰ পৰাই অসম তথা সমগ্ৰ দেশত আৰম্ভ হৈছিল লকডাউন। কিন্তু এই লকডাউনৰ জটিল সময়তো ৰাজ্যৰ কৃষকসকলে লাভ কৰিলে এক সুফল। ২৪ মাৰ্চৰ পৰা ২৫ জুলাইৰ ভিতৰত অসমৰ কৃষকে শাক-পাচলি আৰু ফল-মূল বিক্ৰী কৰি অসমৰ ৮৫২ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। অসমৰ পৰাই ডুবাই আৰু বিভন্ন ৰাষ্ট্ৰলৈ ১৫০ কোটি টকাৰ মাংস আৰু কণী ৰপ্তানি কৰা হৈছে। ইয়াৰ উপৰি ৰাজ্যৰ ১১ হাজাৰ মহিলা আত্মসহায়ক গোটে ৫২ লাখৰো অধিক মাস্ক বিক্ৰী কৰিছে।
ৰাজ্যৰ কৃষকৰ কষ্টৰ ফচলৰ এই সামগ্ৰীসমূহ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ,বিহাৰ আদি ঠাইলৈও ৰপ্তানি হৈছে। ইয়াৰ উপৰি লকডাউনৰ সময়ছোৱাত ৰাজ্যখনত প্ৰয়োজনীয় মাছৰ চাহিদা থলুৱা মাছেৰে পূৰণ হৈছে। অসমৰ পৰা ডুবাইলৈ যোৱা ৰঙালাও বা আন আন শাক-পাচলিসমূহেও উচিত সমাদৰ লাভ কৰিছে। কৃষক সমাজৰ এনেবোৰ সফলতাই নিৰাশাৰ মাজতো ৰাজ্যৰ নিবণুৱালৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।