Local, Vocal, Global

বৰপেটা জিলাৰ সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা

0 14

বৰপেটা জিলাৰ সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনাঃ “নিয়মীয়া বাৰ্তা” কাকত কঢ়িয়া বাহন দুৰ্ঘটনাত থিতাতে নিহত দুজন

বৰপেটা জিলাৰ সৰভোগৰ মইনবড়ী সত্ৰৰ কাষৰ ডিভেদাৰৰ মাজত থকা এটা পুলত নিয়ন্ত্ৰণ হেৰুৱাই সুমাই পৰে৷

এই দুৰ্ঘটনাটোত থিতাতে দুজন নিহত হোৱাৰ লগত এজন গুৰুতভাৱে আহত হয় |

নিহত হোৱা দুজনৰ ভিতৰত এজনৰ নাম উমানন্দ ৰাভা আৰু আনজনৰ পৰিচয় এতিয়াও চিনাক্ত হোৱা নাই,আনফালে গুৰুতভাৱে আহত হোৱা হিতেশ বৰ্মনক উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল হস্পিতাললৈ প্ৰেৰণ কৰিছে ৷

দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ সন্মুখত PRESS বুলি লিখা থকাৰ বাবে আৰক্ষীৰ লগতে সকলোয়ে সংবাদ মাধ্যমৰ লগত জড়িত থকা বাহন বুলি গম পায়,তাৰপাছত আন এখন বাতৰি কাকত কঢ়িওৱা বাহনে দুৰ্ঘটনাত পতিত হোৱা বাহনখন নিয়মীয়া বাৰ্তা বাতৰি কাকত কঢ়িয়া বাহন বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷

 

ইতিমধ্যে দুৰ্ঘটনাত নিহত হোৱা ব্যক্তি দুজনৰ নিথৰ দেহ সৰভোগ আৰক্ষী থানালৈ আনিছে আৰু কিছু সময় পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰিব ৷

 

দুৰ্ঘটনা পতিত হোৱা বাহনখনৰ নম্বৰ-AS 01GC 6377

 

Leave A Reply

Your email address will not be published.