বৰডুবি চাহ বাগিছাত মৃতদেহ উদ্ধাৰ

ডুমডুমা থানাৰ অন্তৰ্গত বৰডুবি চাহ বাগিছাৰ তিনিদলঙৰ তলত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ । উদ্ধাৰ হোৱা মৃতদেহটো তিনিদলং লাইনৰ গঙ্গা মুণ্ডাৰ (৪৪) বুলি জানিব পৰা গৈছে । শনিবাৰে চিকিৎসালয়লৈ যোৱাৰ সময়ৰ পৰাই সন্ধানহীন হৈ আছিল মহিলাগৰাকী । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । উল্লেখ্য যে, ডুমডুমা-বৰডুবি সংযোগী পথত থকা পকী দলংখন কিছুদিন পূৰ্বে বাঢ়নি পানীয়ে খহাই নিয়াৰ বাবে স্থানীয় লোকসকলে সেই স্থানত বাঁহেৰে এখন দলং সাজি উলিয়াইছিল । এই বাঁহৰ দলংখনৰ পৰা পৰিয়েই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । খহি যোৱা পকী দলংখন পুণৰ নিৰ্মাণৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাই বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও এইক্ষেত্ৰত চৰকাৰ তথা প্ৰসাশনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।